মাধৱদেৱ বিৰচিত

ৰাগ –ধনশ্ৰী


ধ্ৰুং – পামৰু মনাই কমনে
... হৰিৰ নাম ৰহলি বিছুৰি
কৱহু চলিতে ৰে লাগয় যমপুৰী ৷৷


পদ –কাহা গৈয়ো মাতা-পিতা
কাঁহা গৈয়ো ভাই ৷
ধন জন কাঁহা গৈয়ো সুহৃদ মনাই ৷৷
কমনে না পেখো আপুন মৰণা ৷
নিশ্বয় চলিতে লাগে যমেৰ কৰুণা ৷৷
নাম সুমৰিতে ছুটে অন্তকেৰি দায়৷
উত্তম অমৰ পদ ঠামহি মিলায় ৷৷
কহয় মাধৱ দাস দীন মতি হীনা ৷
এ ভৱ তৰণী নাহি ৰাম নাম বিনা ৷৷


 ~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~




ৰাগ : ভাটিয়ালী


ধ্ৰুং || আলো ম‍ই কি কহবো দুঃখ |
পৰাণ নিগৰে নেদেখিয়া চান্দ-মুখ ||


পদ || কত পুণ্যে লভিলো গুণেৰ নিধি শ্যাম |
বঞ্চিয়া নিলেক নিকৰুণ বিধি বাম ||
শ্যাম কানু বিনে মোৰ না ৰহে জীৱন |
হাঁ শ্যাম বুলিতে আকুল কৰে মন ||
দিৱস ন যাই সুখে ন যাই ৰয়নী |
চান্দ চন্দন মন্দ পৱন বৈৰিণী ||
কোথা যাওঁ কোথা থাকোঁ কিবা কৰে মন |
কানাইৰ নেওছনি দিও সবে বন্ধু জন ||
শ্যাম বন্ধু বিনে জীৱনত কিবা কাজ |
বিৰহ- অনল জ্বলে হৃদয়ৰ মাজ ||
নজানো দাৰুণ বিধি কি কৰে বিপত্তি |
কহয় মাধৱ ৰাঙ্গা পদে মোৰ গতি ||




~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~






ৰাগ – শ্যাম


ধ্ৰুং –  তেজৰে কমলাপতি পৰভাতে নিন্দ |
          তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ||


পদ -  ৰজনী বিদূৰ দিশ ধৱলী বৰণ |
         তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ||
         শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় |
         ব্ৰজ বধু দধি মথে তুৱা গুণ গাই |
         দাম সুদাম ডাকে তেৰি লৈয়া নাম |
         হেৰ দেখ উঠিয়া আসিল বলৰাম ||
         নন্দ গেল বাথানে গোৱাল গেল পাল |
         সুৰভি চাৰিতে লাগে উঠৰে গোপাল ||
         ক্ষীৰ লয়নু লৈয়া শিঙা বেত বেণু |
         সকালে মেলিয়ো বত্স হাম্বালাৱে ধেনু ||
         কহয় মাধৱ মাই কিনো তপসাইলা |
         ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ||