বৰগীত

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোঁতা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত , উচ্চ আধ্যাত্বিক ভাৱ পূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীত সমুহকেই বৰগীত বোলা হয় ৷ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখাৰে ব্রজাৱলী ভাষাত ৰচিত এই বৰগীত সমুহ হৈছে দুজনা গুৰুৰ এক অপূৰ্ৱ সৃষ্টি ৷

বৰগীতৰ বিষয়বস্তু - বালগোপালৰ বিভিন্ন প্ৰকাৰৰ শিশু লীলা, যেনে - দুষ্টালি, খেল-ধেমালি, চৌৰ্য্য- চাতুৰি, ভেম-পেঁচ, গোপ কৃষ্ণৰ গোপী লীলা, যেনে- গোপীৰ লগত কৰা বিভিন্ন ক্ৰিয়া- নৃত্যাদিৰ মনোজ্ঞ আৰু আমোদজনক চিত্ৰ; গোপীনিীৰ বিৰহ আৰু কৃষ্ণ প্ৰেমৰ ব্যাকুলতা, উদ্ধৱৰ বান্ধৱ কৃষ্ণৰ প্ৰতি থকা প্ৰেম আৰু ভক্তি ; কৃষ্ণ- বিহীন বৃন্দাবনৰ অন্ধকাৰ চিত্ৰঁও অতি সুন্দৰকৈ এনে গীতত অংকিত হৈছে |

কোনো কোনো বৰগীতত মানৱ জীৱনৰ নশ্বৰতা, ধন-জন, ৰূপ-যৌৱনৰ অস্থায়িত্ব, কাম-ক্ৰোধাদি ৰিপুবোৰৰ দৌৰাত্ম আৰু , আনহাতে ভক্তিৰ মাহাত্ম্য, মুক্তিৰ বাবে ভক্তৰ ভগৱানৰ চৰণত আত্মসমৰ্পণ আদি পাৰমাৰ্থিক তত্বও বৰ্ণিত হৈছে |

শংকৰদেৱে ৰচনা কৰা মুঠ ডেৰকুৰি (ত্ৰিশ)টা গীত পোৱা যায় | জনপ্ৰবাদ অনুসৰি তেখেতে বাৰ কুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল কিন্তু দূৰ্ভাগ্যক্ৰমে বনপোৰা জুয়ে সেই বৰগীত সমূহ নষ্ট কৰে |

মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) গীত ৰচনা কৰিছিল বুলি পোৱা যায় যদিও বৰ্তমান সৰ্বমুঠ নকুৰি (এশ আশী) মান গীতহে পোৱা যায় | অৱশ্যে ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে |

বৰগীতৰ সাহিত্যিক, সাংগীতিক আৰু আধ্যাত্মিক মূল্য অসমীয়া সংষ্কৃতিৰ এক অপূৰ্ৱ সম্পদ ৷